এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কীৰ্ত্তন ১ ]
৬২৭
ঘুনুচা-কীৰ্ত্তন
কেহো আগ বাঢ়ে কেহো পাছ গুচে
পৰম আনন্দ মনে।
লৱড়া-লৱড়ি কৰি ৰঙ্গে যাই
কৃষ্ণৰ কীৰ্ত্তন ভণে॥ ১১
ঘনে ঘনে দেয় উৰুলি-জোকাৰ
ডাকে জয় কৃষ্ণ বুলি।
পাইলো পাইলো বুলি দেৱ-নাৰী নাচে
উপৰক হাত তুলি॥
যত ব্ৰতী যোগী সন্ন্যাসী ভিক্ষুক
নৰ নাৰী যত প্ৰাণী।
কৃষ্ণৰ কীৰ্ত্তন বিনে কাৰো মুখে
নাহিকে লৌকিক বাণী॥ ১২
গোৱিন্দ-ভাৱকে কীৰ্ত্তন কৰন্তে
সৰ্ব্ব লোকে গাৱে ছানি।
পৰম উৎসৱে স্বৰ্গকো লঙ্ঘিলে
কৃষ্ণৰ কীৰ্ত্তন-ধ্বনি॥
ঠক ঠক কৰি শকট চলয়
আঝোড়য় গোপ-দল।
কতো দূৰ গৈয়া ঠগ দিয়া ৰহে
মাধৱৰ কৌতুহল॥ ১৩
আঝোড়-পিঝোড়ে শকট নলড়ে
পৰ্ব্বত যেন গম্ভীৰ।
দেখিয়া পৰিচা সৱে তুতি কৰে
অৱনত কৰি শিৰ