পৃষ্ঠা:Kirtan Ghosha.pdf/৬৪১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬২৮
[ পৰিশিষ্ট ১
কীৰ্ত্তন-ঘোষা


নমো নাৰায়ণ সংসাৰ-কাৰণ
 দাৰু-ব্ৰহ্ম-ৰূপ হৰি।
যত চৰাচৰ সমস্তে সংসাৰ
 আত্মা-ৰূপে আছা ধৰি॥ ১৪
নমো নিৰাকাৰ জগত-আধাৰ
 ভক্তৰ দেখা বিলাই।
আঝোড়ে-পিঝোড়ে শকট নলড়ে
 তোমাৰ কৃপা বিনাই॥
নমো কৃপাময় হুয়োক সদয়
 দুৰ হৌক দুখ ভয়।
এতেক বোলন্তে শকট লড়িল
 ভৈলন্তে হৰি সদয়॥ ১৫
এহিমতে ৰথে প্ৰভু জগন্নাথ
 চলি যান্ত যাত্ৰা কৰি।
মনত কৌতুকে পৰিচাষকলে
 পুনঃ চলে ৰঙ্গ কৰি॥
নানা ভঙ্গি-ভাৱে হৰি-গুপ গাৱে
 পৰম আনন্দ কৰি।
শ্ৰীধৰ কন্দলি কহে কৃষ্ণ-কেলি
 ডাকি বোলা হৰি হৰি॥ ১৬