পৃষ্ঠা:Kirtan Ghosha.pdf/৬৪০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কীৰ্ত্তন ১ ]
৬২৭
ঘুনুচা-কীৰ্ত্তন


কেহো আগ বাঢ়ে  কেহো পাছ গুচে
 পৰম আনন্দ মনে।
লৱড়া-লৱড়ি কৰি ৰঙ্গে যাই
 কৃষ্ণৰ কীৰ্ত্তন ভণে॥ ১১
ঘনে ঘনে দেয় উৰুলি-জোকাৰ
 ডাকে জয় কৃষ্ণ বুলি।
পাইলো পাইলো বুলি  দেৱ-নাৰী নাচে
 উপৰক হাত তুলি॥
যত ব্ৰতী যোগী সন্ন্যাসী ভিক্ষুক
 নৰ নাৰী যত প্ৰাণী।
কৃষ্ণৰ কীৰ্ত্তন বিনে কাৰো মুখে
 নাহিকে লৌকিক বাণী॥ ১২
গোৱিন্দ-ভাৱকে কীৰ্ত্তন কৰন্তে
 সৰ্ব্ব লোকে গাৱে ছানি।
পৰম উৎসৱে স্বৰ্গকো লঙ্ঘিলে
 কৃষ্ণৰ কীৰ্ত্তন-ধ্বনি॥
ঠক ঠক কৰি শকট চলয়
 আঝোড়য় গোপ-দল।
কতো দূৰ গৈয়া ঠগ দিয়া ৰহে
 মাধৱৰ কৌতুহল॥ ১৩
আঝোড়-পিঝোড়ে শকট নলড়ে
 পৰ্ব্বত যেন গম্ভীৰ।
দেখিয়া পৰিচা সৱে তুতি কৰে
 অৱনত কৰি শিৰ