এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কীৰ্ত্তন ২]
৫৩
অজামিলোপাখ্যান
সিটো অজামিলে বুলিলেক মাত্ৰ
আইস পুত্ৰ নাৰায়ণ।
এতেকতে আসি কাঢ়িয়া লৈলেক
তযু আজ্ঞা কৰি ছন্ন॥
আমাৰ পৰয়া কাঢ়িয়া লৈবেক
কৈত অধিকাৰী আছে৷
হেন শুনি যমে বিষ্ণুক স্মৰিয়া
দূতক মাতিলা পাছে॥১৬
শুনা দূতগণ প্ৰভু নাৰায়ণ
আছন্ত জগত-স্বামী।
তাহান আজ্ঞাক শিৰত ধৰিয়া
প্ৰজাক নিয়মো আমি॥
তানে দূতচয় সদায় ভ্ৰময়
বৈষ্ণৱক ৰক্ষা কৰি।
মাধৱৰ বেশ- ভূষণে ভূষিত
হাতে চাৰি অস্ত্ৰ ধৰি॥ ১৭
দেৱ ঋষি নৰ সিদ্ধ বিদ্যাধৰ
অসুৰ চাৰণগণে।
হৰিৰ নামৰ গোপ্য মহিমাক
তেসম্বো কেহো নজানে।