এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কীৰ্ত্তন ২
৫১
অজামিলোপাখ্যান
আন প্ৰায়শ্চিত্তে পৱিত্ৰ কৰিবে
নৱাৰে তাৰ সমান॥
যিটো পাতকৰ প্ৰায়শ্চিত্ত কৰে
দুনাই তাতে মন মজে।
চিত্তৰ শোধন হৰিৰ কীৰ্ত্তনে
পাপৰ আলু উভঞ্জে॥ ১১
পুল্ৰ-নাম ধৰি উপহাস্য কৰি
হেলাতো যি বোলৈ হৰি।
তাহাৰো সমস্ত পাতক দহৱে
জানা আক নিষ্ঠ কৰি॥
পৰৈ বা পিছলে সৰ্পে বা দংশৱে
জ্বৰে তাপে পীড়া কৰে।
এতেকতে যদি হৰি-নাম লৱে
যম-যাতনাকো তৰে॥ ১২
হৰিনামে সৱ পাতক দহৱে
জ্ঞানে বা অজ্ঞানে বোলে।
যেন হুতাশনে শুকান কাষ্ঠক
আতি অপ্ৰয়াসে পোলে॥
প্ৰমাদত থাকি যিটো হৰি বোলে
সিও সৱ দুঃখ তৰে।