এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬০৪
[খণ্ড ২
কীৰ্ত্তন-ঘোষা
অষ্টাদশ কীৰ্ত্তন
ঘোষা॥ এ ৰাম নিৰঞ্জন ৰাম নিৰঞ্জন।
ৰাম নিৰঞ্জন হৰি॥ ১৮
পদ॥ জয় কৃষ্ণ জয়। জয় জগন্নাথ
সৰ্ব্ব-পাপ-বিনাশন।
জয়তি চাণুৰ কেশীৰ অন্তক
জয় কংস-নিসূদন॥
জয় পদ্ম-পত্ৰ- সদৃশ-লোচন
ধৰি আছা চক্ৰ গদা।
জয় নীল মেঘ- সম শ্যাম জয়
সৰ্ব্ব-সুখ-দাতা সদা॥ ১৮৪
জয় জগতৰ পূজ্য জয় ভৱ-
নাশন সন্তৰ গতি।
জয় ভকতৰ বাঞ্ছা-ফল-দাতা
জয় নাথ লোকপতি॥
দুৰ্ঘোৰ সংসাৰ আত নাই পাৰ
অপাৰ সাগৰ যেন।
কাম-ক্ৰোধ-গ্ৰাহে সদায় আকুল
দুঃখচয় ভৈল ফেন॥ ১৮৫