পৃষ্ঠা:Kirtan Ghosha.pdf/৬১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কীৰ্ত্তন ১৮]
৬০৫
উৰেষা-বৰ্ণন


বিষয়-উদকে পলম্পি আছয়
 মহামোহে আত পাক।
ৰোগে ভৈল ঢউ ইহাতে মজিলো
 উদ্ধাৰা প্ৰভু আমাক॥
এহিমতে তুতি কৰিয়া কৃষ্ণক
 দেৱৰ ঈশ্বৰ হৰি।
মহাবাহু মহা- বক্ষঃস্থলে আছা
 শঙ্খ চক্ৰ গদা ধৰি॥ ১৮৬
ভূষণে ভূষিত গলে বনমালা
 পদ্ম-পত্ৰ-সম আখি।
দণ্ডৱতে পড়ি প্ৰণাম কৰিবে
 হেনয় কৃষ্ণক দেখি॥
এহিমতে পঢ়ি কৃষ্ণক প্ৰণাম
 কৰে যিটো ভক্তিভাৱে।
অশ্বমেধ যজ্ঞ সহস্ৰৰ ফল
 তাৱক্ষণে সিটো পাৱে॥ ১৮৭
সমস্তে তীৰ্থত যজ্ঞত দানত
 ব্ৰতত যি ফল পাৱে।


পা ১৮৮॥ যজ্ঞত দানত - যজ্ঞ জ্ঞান তপে।