পৃষ্ঠা:Kirtan Ghosha.pdf/৬১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কীৰ্ত্তন ১৭]
৬০৩
উৰেষা-বৰ্ণন

নমো হলধৰ বলীত শ্ৰেষ্ঠ।
প্ৰলম্ব-বৈৰী নমো কৃষ্ণ-জ্যেষ্ঠ॥
বলোক এহিমতে তুতি কৰি।
বিষ্ণুপুৰী পাৱে পাতক তৰি॥ ১৮০
কল্পেক মহাভোগ ভুঞ্জি তৈত।
বেদবিদ হুয়া উপজে ঐত॥
মহাসুখে জানি জ্ঞান-যুগুতি।
পৰম দুৰ্ল্লভ পাৱে মুকুতি॥ ১৮১
কৃষ্ণক পুজিব পাছে সাদৰি।
দ্বাদশ অক্ষৰ মন্ত্ৰ উচ্চৰি॥
সিটো মন্ত্ৰে পাৱে যিমত গতি।
নপাৱয় যোগী জ্ঞানী সম্প্ৰতি॥ ১৮২
জানিয়া হেন মন্ত্ৰ উচ্চৰিয়া।
গন্ধ-পুষ্প ধূপ নৈৱেদ্য দিয়া॥
কৃষ্ণক অৰ্চ্চিয়া কৰিবে তুতি।
বোলা হৰি হৰি হোক মুকুতি॥ ১৮৩


 পা° ১৮১॥ বেদবিদ—বেদৱতী, বেদবুতি।