পৃষ্ঠা:Kirtan Ghosha.pdf/৬১০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কীৰ্ত্তন ১৬ ]
৫৯৯
উৰেষা বর্ণন


ভূমিত পড়িয়া প্ৰণাম কৰিয়া
 পাপ-সাগৰক তৰে ॥
আত পৰে শুনা  পঞ্চ তীৰ্থ-বিধি
 যেন ফল স্নান-দানে ।
ভণিল শঙ্কৰে  শুনা সৱে নৰে
 হৰি বোলা সাৱধানে॥ ১৬৮

ষোড়শ কীৰ্ত্তন

ঘোষা ৷৷ হৰি ৰাম ৰাম ৰঘুনাথ হে।
 ৰাম ৰাম নছাড়োক মুখে না হে॥ ১৬


পদ ৷৷ মার্কণ্ডেয় হ্রদে গৈয়া  উত্তৰক মুখ দিয়া
 হেন মন্ত্ৰ কৰিব উচ্চাৰ।
 শুদ্ধ হুয়৷ ক্রোধ জিনি  বুড় দিয়া বাৰ তিনি
 শুনিয়োক যেন মন্ত্ৰ তাৰ॥
 সংসাৰ-সাগৰে মগ্ন  পাপ-গ্ৰস্ত অচেতন
 মোত পৰে নাই দুৰাচাৰ ৷
 প্রভু ভগ-নেত্ৰ-হাৰী  ত্রাহি ত্রাহি ত্ৰিপুৰাৰি
 তোমাৰ চৰণে নমস্কাৰ ॥ ১৬৯


পা ঘোষা ১৬ ॥ ৰাম ৰাম - ৰাম ৰাঘৱ