এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কীৰ্ত্তন ১৬ ]
৫৯৯
উৰেষা বর্ণন
ভূমিত পড়িয়া প্ৰণাম কৰিয়া
পাপ-সাগৰক তৰে ॥
আত পৰে শুনা পঞ্চ তীৰ্থ-বিধি
যেন ফল স্নান-দানে ।
ভণিল শঙ্কৰে শুনা সৱে নৰে
হৰি বোলা সাৱধানে॥ ১৬৮
ষোড়শ কীৰ্ত্তন
ঘোষা ৷৷ হৰি ৰাম ৰাম ৰঘুনাথ হে।
ৰাম ৰাম নছাড়োক মুখে না হে॥ ১৬
পদ ৷৷ মার্কণ্ডেয় হ্রদে গৈয়া উত্তৰক মুখ দিয়া
হেন মন্ত্ৰ কৰিব উচ্চাৰ।
শুদ্ধ হুয়৷ ক্রোধ জিনি বুড় দিয়া বাৰ তিনি
শুনিয়োক যেন মন্ত্ৰ তাৰ॥
সংসাৰ-সাগৰে মগ্ন পাপ-গ্ৰস্ত অচেতন
মোত পৰে নাই দুৰাচাৰ ৷
প্রভু ভগ-নেত্ৰ-হাৰী ত্রাহি ত্রাহি ত্ৰিপুৰাৰি
তোমাৰ চৰণে নমস্কাৰ ॥ ১৬৯
পা ঘোষা ১৬ ॥ ৰাম ৰাম - ৰাম ৰাঘৱ