পৃষ্ঠা:Kirtan Ghosha.pdf/৬১১

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


কীর্তন-যােবা [ ও ২৫ : নমাে শিৱ মহা শান্ত সমস্ত পাপৰ অন্তু স্নান কৰাে মার্কণ্ডেয় হ্রদে। মােৰ যত পাপচয় নিৰন্তৰে হােক ক্ষয় প্রণাম কৰােহাে তযু পদে। নাভি মাত্র জলে নামি বিধিতে দেৱ ঋষি তিলােদকে কৰিব তর্পণ। মান-অবসানে পাছে শিৱৰ দৌলেক আছে তাক লাগি কৰিব গমন॥১৭০ তিনি প্রদক্ষিণ কৰি পূজি মূল মন্ত্র পঢ়ি শিৱৰ লিঙ্গক একমতি। পৰিয়া প্ৰণাম কৰি উঠি পুটাঞ্জলি ধৰি কৰিব হক হেন তুতি। নমাে নমাে ত্রিনয়ন শিৰে শশী বিভূষণ প্রভু বিৰূপাক্ষ মহাদেৱ। তুমি বিনা নাহি আন কৰা মােক পৰিত্ৰাণ তােমাৰ চৰণে কৰাে সেৱ । ১৭১ কহিলাে তহিৰ কথা হেন মন্ত্র পঢ়ি তথা দশ অশ্বমেধ ফল পাইব। শিৱ-লােকে ভােগ ভুঞ্জি পাছে শিৱ-যােগ যজি শিৱৰ শৰীৰে লীন যাইব।