এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কীৰ্ত্তন ১৫]
৫৯৭
উৰেষা-বৰ্ণন
পঞ্চদশ কীৰ্ত্তন
ঘোষ। ও ভাই ভাবিয়ে ৰাম চিন্তিয়ো ৰাম
ৰাম নাম যোনো ছোড়।
ৰামকৃষ্ণ নাম অস্ত্ৰক ধৰিয়া
পাপ-বিপক্ষক পোড়।।১৫
পদ॥ দুনাই মুনিগণে ব্ৰহ্মাত পুছন্ত
কহিয়ো ক্ষেত্ৰৰ বিধি।
কোন সময়ত ক্ষেত্ৰক যাত্ৰাক
কৰিলে হৈবেক সিদ্ধি।
কৃষ্ণ-দৰশনে কোন ফল হোৰে
তাকে কহিবাক লাগে।
হেন শুনি ব্ৰহ্মা কহিবে লাগিলা
ঋষি-সমূহৰ আগে। ১৬৪
কুৰুক্ষেত্ৰ গৈয়া নিৰাহাৰ হুয়া
পৰম তপে যুগুত।
ইন্দ্ৰিয়ক দমি একপদে থাকে
বৰিষ শত অদ্ভুত।
যিটো জ্যৈষ্ঠ মাস শুক্লা একাদশী
কৃষ্ণৰ মুখ-কমল।