পৃষ্ঠা:Kirtan Ghosha.pdf/৬০৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কীৰ্ত্তন ১৫]
৫৯৭
উৰেষা-বৰ্ণন

পঞ্চদশ কীৰ্ত্তন

ঘোষ। ও ভাই ভাবিয়ে ৰাম  চিন্তিয়ো ৰাম
 ৰাম নাম যোনো ছোড়।
 ৰামকৃষ্ণ নাম  অস্ত্ৰক ধৰিয়া
 পাপ-বিপক্ষক পোড়।।১৫

পদ॥ দুনাই মুনিগণে  ব্ৰহ্মাত পুছন্ত
 কহিয়ো ক্ষেত্ৰৰ বিধি।
 কোন সময়ত  ক্ষেত্ৰক যাত্ৰাক
 কৰিলে হৈবেক সিদ্ধি।
 কৃষ্ণ-দৰশনে  কোন ফল হোৰে
 তাকে কহিবাক লাগে।
 হেন শুনি ব্ৰহ্মা  কহিবে লাগিলা
 ঋষি-সমূহৰ আগে। ১৬৪
 কুৰুক্ষেত্ৰ গৈয়া  নিৰাহাৰ হুয়া
 পৰম তপে যুগুত।
 ইন্দ্ৰিয়ক দমি  একপদে থাকে
 বৰিষ শত অদ্ভুত।
 যিটো জ্যৈষ্ঠ মাস  শুক্লা একাদশী
 কৃষ্ণৰ মুখ-কমল।