পৃষ্ঠা:Kirtan Ghosha.pdf/৬০৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৯৬
[ খণ্ড ২৫
কীৰ্ত্তন ঘোষা

এহিমতে প্ৰতিষ্ঠা কৰিয়া বিধিৱত।
থাপিলা প্ৰতিমা নিয়া বিচিত্ৰ দৌলত॥
উত্তৰত কৃষ্ণ বলভদ্ৰ দক্ষিণত।
সুভদ্ৰাক থৈলা নিয়া দুহানো মধ্যত।৷ ১৬০
পূজিলন্ত গন্ধে ধূপে নানা উপহাৰে।
সুৱৰ্ণ মুকুতা মণি বস্ত্ৰে অলঙ্কাৰে।
দিলন্ত আসন গ্ৰাম নগৰ অশেষ।
দাসী দাস উৎসৰ্গিয়া দিলন্ত বিশেষ॥ ১৬১
জগন্নাথ থাপি ৰাজা পূৰি মনোৰথ।
ভুঞ্জিলন্ত অকণ্টক ৰাজ্য মহাৰথ।
অন্ত-কালে এড়ি ইটো উত্তম সম্পদ।
সুখে পাইলা বিষ্ণুৰ পৰম যিটো পদ॥১৬২
ব্ৰহ্মায়ে বোলন্ত শুনিয়োক মুনিগণ।
কহিলো ক্ষেত্ৰৰ ইটো যতেক লক্ষণ।
বুলিয়োক আন কিবা শুনিবাক বাঞ্ছা।
বোলা হৰি হৰি যাৰ বৈকুণ্ঠক ইচ্ছা॥ ১৬৩