এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কীৰ্ত্তন ১৪
৫৯৫
উৰেষা বৰ্ণন
আষাঢ়ৰ শুক্লা পঞ্চমীত আমাসাক।
সেহি মণ্ডপতে ৰথ থৈয়া বেশ্যাজাক॥
উৎসৱে বিঞ্চিবে চামৰক কৰে ধৰি।
যতি সিদ্ধ সন্ন্যাসী থাকিবে তুতি কৰি॥ ১৫৫
আমাক দেখিয়া যিটো প্ৰণামে তহিত।
মহাৰঙ্গে বঞ্চিবেক বিষ্ণুৰ পুৰীত॥
দিব্য দশ হাজাৰ বৎসৰ থাকি তৈত।
চতুৰ্ব্বেদী ব্ৰাহ্মণ হৈবেক আসি ঐত॥ ১৫৬
হৈবেক শ্ৰীমন্ত কোটি ধনৰ ঈশ্বৰ।
ৰজাক সম্বুধি এহিমতে দিয়া বৰ॥
বিশ্বকৰ্ম্মে সহিতে ভৈলন্ত অন্তৰ্হিত।
দেখি নৃপতিৰ তনু ভৈল লোমাঞ্চিত॥ ১৫৭
কৃতকৃত্য ভৈল দেখি হৰিৰ মহিমা।
ৰথে তুলি লৈয়া গৈলা তিনিৰো প্ৰতিমা॥
অনেক মাঙ্গল্য বাদ্য-ভণ্ড বাৱে ছনি।
বিপ্ৰগণে আগত কৰ বেদ-ধ্বনি॥ ১৫৮
বিচিত্ৰ পৱিত্ৰ স্থানে প্ৰতিমা থৱাইলা।
শুভ তিথি শুভ ক্ষণে প্ৰতিষ্ঠা কৰাইলা॥
দিলা দান দক্ষিণা ঋত্বিজ আচাৰ্য্যক।
ৰত্ন ধন ধান্য দিলা আনো ব্ৰাহ্মণক॥ ১৫৯