পৃষ্ঠা:Kirtan Ghosha.pdf/৬০৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৯৪
[খণ্ড ২৫
কীৰ্ত্তন-ঘোষা


চতুৰ্দ্দশ কীৰ্ত্তন

ঘোষা।৷ কৃষ্ণ মুৰাৰি ৰাম
   কৰে পৰিয়া প্ৰণাম।
মোৰ মুখে নছাৰোক হৰি হেন নাম।৷ ১৪

পদ।। নৱ শতাধিক দশ হাজাৰ বৎসৰ।
 অখণ্ডে ভুঞ্জিয়ো ইটো ৰাজ্য নৃপবৰ।৷
 পাছে মোৰ পৰম-পদক পাইবা তুমি।
 থাকিবে তোমাৰ কীৰ্ত্তি যাৱে থাকে ভূমি।৷ ১৫১
 যাৱে চন্দ্ৰ সূৰ্য্য থাকে সপত সাগৰ।
 ভ্ৰমিবে তোমাৰ যশ ত্ৰৈলোক্য ভিতৰ।৷
 যজ্ঞ-অৱশেষ যত জল অনুপাম।
 হুইবে তীৰ্থ ইন্দ্ৰদ্যুম্ন-সৰোবৰ নাম। ১৫২
 আত স্নান কৰিয়া যাইবেক ইন্দ্ৰ-থান।
 একৈশ পুৰুষ উদ্ধাৰিবে পিণ্ডদান।
 অপসৰা গন্ধৰ্ব্বে কৰিবে নৃত্য-গীত।
 চৈধ্য ইন্দ্ৰ পড়ে মানে থাকিবে তহিত। ১৫৩
 হ্ৰদ নৈঋত কোণে আছে সিদ্ধ বট।
 দিব্য মণ্ডপেক আছে তাহাৰ নিকট।
 বহুবিধ পুষ্প-বনে সদায় আবৃত।
 পতাকা তোৰণ ধ্বজ-দণ্ডে অলঙ্কৃত॥ ১৫৪