পৃষ্ঠা:Kirtan Ghosha.pdf/৬০৬

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


98-) উৰে-বৰ্ণন আষাঢ়ৰ শুক্লা পঞ্চমীত আমাসাক। সেহি মণ্ডপতে ৰথ থৈয়া বেশ্যাজাক৷ : উৎসৱে বিঞ্চিবে চামৰক কৰে ধৰি। যতি সিদ্ধ সন্ন্যাসী থাকিবে তুতি কৰি # ১৫৫ আমাক দেখিয়া যিটো প্ৰণামে তহিত। মহাৰঙ্গে বঞ্চিবেক বিষ্ণুৰ পুৰীত। দিব্য দশ হাজাৰ বৎসৰ থাকি তৈত। চতুর্বেদী ব্রাহ্মণ হৈবেক আসি ঐত। ১৫৬ হৈবেক শ্ৰীমন্ত কোটি ধনৰ ঈশ্বৰ। ৰজাক সম্বুধি এহিমতে দিয়া বৰ। বিশ্বকর্মে সহিতে ভৈলন্ত অন্তর্হিত। দেখি নৃপতিৰ তনু ভৈল লােমাঞ্চিত । ১৫৭ কৃতকৃত্য ভৈল দেখি হৰিৰ মহিমা। থে তুলি লৈয়া গৈলা তিনিৰৰ প্রতিমা। অনেক মাঙ্গল্য বাদ্য-ভণ্ড বাৱে ছনি। বিপ্রগণে আগত কৰ বেদ-ধ্বনি। ১৫৮ বিচিত্র পৱিত্র স্থানে প্রতিমা গুৱাইলা। শুভ তিথি শুভ ক্ষণে প্রতিষ্ঠা কৰাইলা। দিলা দান দক্ষিণা ঋত্বিজ আচাৰ্যক। ৰ ধন ধান্য দিলা আনাে ব্রাহ্মণক। ১৫৯