এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কীৰ্ত্তন ১]
৪৯
অজামিলোপাখ্যান
শঙ্খ চক্ৰ গদা পদ্ম শাৰ্ঙ্গ ধনু
সৱে ধৰি আছা হাতে।
ৰত্নৰ মেখলা কটি মাঝে জ্বলৈ
সোণাৰ কিঙ্কিণী তাতে॥
কৰিকৰ সম উৰু নিৰুপম
পাৱ নৱ পদ্মকোষ।
সমান-বয়স চাৰিৰো দেখন্তে
মনত মিলৈ সন্তোষ॥ ৭
সূৰ্য্য সম সৱে জ্বলন্তে আছাহা
সমস্ত দিশ প্ৰকাশি।
মহাপাপী ইটো বিপ্ৰক নেহন্তে
কিসক বাধিলা আসি॥
হেন শুনি হাসি চাৰি বিষ্ণু-দূতে
দিলন্ত পাছে উত্তৰ।
কোন পাপ পুণ্য একো নজানস
শুনৰে যম-কিঙ্কৰ॥ ৮
মৰিবাৰ বেলা ইটো অজামিলে
নাৰায়ণ নাম লৈল।
কোটি জনমৰ যত মহাপাপ
তাৰো প্ৰায়শ্চিত্ত ভৈল॥
৪