পৃষ্ঠা:Kirtan Ghosha.pdf/৬০

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


8> কীৰ্ত্তন ১] অজামিলোপাখ্যান শঙ্খ চক্ৰ গদা পদ্ম শাঙ্গ ধনু সৰে ধৰি আছ হাতে। ৰত্নৰ মেখলা কটি-মাঝে জ্বলে সোণাৰ কিঙ্কিণী তাতে। কৰিকৰ-সম উৰু নিৰুপম পাৰ নৱ পদ্মকোষ। সমান-বয়স চাৰিকে দেখতে মনত মিলে সন্তোষ॥ ৭ সূৰ্য্য-সম সৱে জ্বলন্তে, আছাহা সমস্তে দিশ প্ৰকাশি। মহাপাপী, ইটো বিপ্ৰক নেহন্তে কিসক বাধিলা আসি। হেন শুনি হাসি চাৰি বিষ্ণু-দূতে দিল তাক উত্তৰ। কোন পাপ পুণ্য একো নজানস শুন ৰে যম-কিঙ্কৰ॥৮ মৰিবাৰ বেলা ইটো অজামিলে নাৰায়ণ-নাম লৈল। যত মহাপাপ তাৰো প্ৰায়চিত্ত ভৈল॥ কোটি জনমৰ 8