পৃষ্ঠা:Kirtan Ghosha.pdf/৫৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৮
খণ্ড ৫
কীৰ্ত্তন-ঘোষা

কোন তুমিসৱ  বুলিয়া পুছয়
 ডৰিয়া যম-কিঙ্কৰ॥ ৪
সৱাৰো সুন্দৰ  শ্যাম কলেৱৰ
 পীত বস্ত্ৰে আতি ৰঞ্জে।
চাৰিয়ো প্ৰসন্ন  বদন মণ্ডলে
 পূৰ্ণ চন্দ্ৰমাকো গঞ্জে॥
পদ্ম-পত্ৰ-সম  আয়ত লোচন
 ভ্ৰূৱ-যুগে কৰৈ কান্তি।
নাসা তিল ফুল  অধৰ ৰাতুল
 দান্ত মুকুতাৰ পান্তি॥ ৫
শিৰত ৰত্নৰ কিৰীটি কৰ্ণত
 মকৰ-কুণ্ডল জ্বলে।
চাৰিৰো আজানু  লম্বিত পদ্মৰ
 মালা শোভা কৰৈ গলে॥
হিয়াত বিচিত্ৰ  ৰত্ন-বিৰচিত
 গজ-মুকুতাৰ হাৰ।
চাৰু চতুৰ্ভুজ কেয়ূৰ কঙ্কণে
 কৰে আতি জাতিকাৰ॥ ৬