এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৮৮
[ খণ্ড ২৫
কীৰ্ত্তন-ঘোষা
পাইলা তীৰ সাগৰৰ।
দেখিল তৰুবৰ।৷
নাহি তাৰ নাম জাতি।
থুলন্তৰ উচ্চ আতি। ১২৪
মঞ্জাঠিৰ বৰ্ণ-সম।
দেখি আতি মনোৰম॥
পড়িয়া জলৰ কাছে।
যেন সুখে সুতি আছে।৷ ১২৫
বিষ্ণুৰ বৃক্ষক পাই।
আনন্দিত মহাৰায়॥
কৃষ্ণৰ কিঙ্কৰে ভণে।
হৰি বোলা সৰ্ব্বজনে॥ ১২৬
দ্বাদশ কীৰ্ত্তন
ঘোষা।৷ ভাই ৰাম কহ ৰাম কহ ৰাম-মন্ত্ৰ সাৰ।
তপ জপ যজ্ঞ যোগে সিদ্ধি নাহি আৰ॥ ১২
পদ।৷ তীক্ষ্ণতৰ পৰশু উচায়া হাত উড়ি।
ছেদিলন্ত আনন্দে বৃক্ষৰ আগ-গুড়ি॥
দুই ফাল কৰিবাক চাহান্তে নৃপতি।
আসিলন্ত হৰি বিশ্বকৰ্ম্মায়ে সহিতি॥ ১২৭
পা:১২৫।৷ মাঞ্জাঠিৰ—মজাঠিৰ, মেঞ্জাঠিৰ।