পৃষ্ঠা:Kirtan Ghosha.pdf/৬০০

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


কীর্তন ১২] উবৈবর্ণন দিব্য-গন্ধ-মাল পিন্ধি ধৰি বিপ্ৰ-ৰূপ। ৰাজাক বােলন্ত ঐত কি কৰিয় ভুপ। কি কাৰ্য্যে ছেদিলা ইটো মহা তৰুৰ। নির্জন স্থানত কেনে থাকা একেশ্বৰ । ১২৮ শুনিয়া নৃপতি তাসম্মাক চাইলা পাছে। যেন চন্দ্র সূৰ্য দুয়াে প্রকাশন্তে আছে । নমস্কাৰ কৰি ৰাজা বুলিলা বচন। শুনিয়ােক দুয়াে গুৰু মােৰ প্রয়ােজন । ১২৯ মাধৱক আৰাধিবে মােৰ তৈল মতি। সাজিববাহাে দাময়ী প্রতিমা সম্প্রতি। স্বপ্নত আদেশ মােক দিল নাৰায়ণ। কহিলাে তােমাৰ আগে স্বৰূপ বচন। ১৩০ হেন শুনি বিপ্র-ৰূপ-ধাৰী চক্রপাণি। তুষ্ট হুয়া নৃপতিক বুলিলন্ত বাণী । ধন্য ধন্য ৰাজা বুদ্ধি উত্তম তােমাৰ । সংসাৰ সাগৰে আত কিছু নাহি সাৰ ॥ ১৩১ যেন জল-বুদবুদ, তিলে হােৱে ছন্ন। বিষ্ণু আধিতে তযু সম্পজিল মন । কিনন ভাগ্যবর্তী সসাগৰা বসুমতী। যাহাৰ পালক ভৈলা আপুনি নৃপতি। ১৩২