পৃষ্ঠা:Kirtan Ghosha.pdf/৫৯৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কীৰ্ত্তন ১১
৫৮৭
উৰেষা-বৰ্ণন

ছেদিবা নিঃশঙ্ক-মতি।
প্ৰতিমা সাজিবা ঐতি॥
নিচিন্তিবা মহাৰথ।
হৈব সিদ্ধি মনোৰথ।৷ ১১৯
ৰাজাক প্ৰবোধ কৰি।
অন্তৰ্দ্ধান ভৈলা হৰি।৷
দেখি স্বপ্ন বিপৰীত।
ভৈল ৰাজা সচকিত।৷ ১২০
বিষ্ণু-মন্ত্ৰ জাপ্য কৰি।
হৰিক মনত ধৰি॥
ৰজনী কৰিয়া ক্ষয়।
উঠি পাছে মহাশয়।৷ ১২১
সাগৰত কৰি স্নান।
দিলন্ত বিবিধ দান।৷
নিত্য-কৰ্ম্ম সাঙ্গ কৰি।
হাতত পৰশু ধৰি।৷ ১২২
হৰিক স্মৰিয়া বীৰ।
লড়ি গৈলা ধীৰে ধীৰ।৷
নাহিকে সাৰথি ৰথ।
একেশ্বৰে মহাৰথ।৷ ১২৩