এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৮
খণ্ড ৫
কীৰ্ত্তন-ঘোষা
কোন তুমিসৱ বুলিয়া পুছয়
ডৰিয়া যম-কিঙ্কৰ॥ ৪
সৱাৰো সুন্দৰ শ্যাম কলেৱৰ
পীত বস্ত্ৰে আতি ৰঞ্জে।
চাৰিয়ো প্ৰসন্ন বদন মণ্ডলে
পূৰ্ণ চন্দ্ৰমাকো গঞ্জে॥
পদ্ম-পত্ৰ-সম আয়ত লোচন
ভ্ৰূৱ-যুগে কৰৈ কান্তি।
নাসা তিল ফুল অধৰ ৰাতুল
দান্ত মুকুতাৰ পান্তি॥ ৫
শিৰত ৰত্নৰ কিৰীটি কৰ্ণত
মকৰ-কুণ্ডল জ্বলে।
চাৰিৰো আজানু লম্বিত পদ্মৰ
মালা শোভা কৰৈ গলে॥
হিয়াত বিচিত্ৰ ৰত্ন-বিৰচিত
গজ-মুকুতাৰ হাৰ।
চাৰু চতুৰ্ভুজ কেয়ূৰ কঙ্কণে
কৰে আতি জাতিকাৰ॥ ৬