এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কীৰ্ত্তন ১
৪৭
আমিলোপাখ্যান
অনেক অধৰ্ম্ম কৰন্তে বিপ্ৰৰ
আয়ু ভৈল সমাপত।
ভয়ঙ্কৰ তিনি- গোটা যমদূত
আগে ভৈল উপগত॥২
হাতে পাশ-জৰী চক্ষু টেৰ কৰি
থূলন্তৰ তাৰ জাঙ্গ।
কৃষ্ণবৰ্ণ কায় দেখি ধাতু যায়
হাতত লোহাৰ ডাঙ্গ॥
ব্ৰাহ্মণক ধৰি জীৱ বাজ কৰি
বান্ধিলেক হাত তুলি।
ভয়ে অজামিলে পুল্ৰক ডাকিল
আইস নাৰায়ণ বুলি॥ ৩
মৰন্তে বিপ্ৰৰ মুখত শুনিয়া
হৰিৰ কীৰ্ত্তন বাণী।
প্ৰভু-নাম লৱৈ বুলি খেদি আইল
বিষ্ণু-দূত চাৰি প্ৰাণী॥
যমৰ দূতক খেদায়া বিপ্ৰৰ
কাটিল বান্ধ হাতৰ।
পা ৩॥ চক্ষু টেৰ- চক্ষু বোঁড়, চক্ষু ওঁৰ