পৃষ্ঠা:Kirtan Ghosha.pdf/৫৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

পঞ্চম খণ্ড

অজামিলোপাখ্যান

প্ৰথম কীৰ্ত্তন

ঘোষা॥

জয় জগন্নাথ অনাথ বন্ধু
মাধৱ মুকুন্দ ৰাম॥ ১

পদ॥

হৰিৰ নামৰ  শুনিয়ো মহিমা
 সাৱধান কৰি চিত্ত।
অজামিল নামে  আছিল ব্ৰাহ্মণ
 বেশ্যাত হুয়া পতিত॥
বিপ্ৰৰ ঔৰসে  বেশ্যাৰ গৰ্ভত
 দশ পুল্ৰ জাত ভৈল।
আতি দয়াতৰে  কনিষ্ঠ পুত্ৰৰ
 নাৰায়ণ নাম থৈল॥ ১
জাতি- কুল- ক্ৰিয়া  সমস্তে ত্য়াগিল
 মিলিল কৰ্ম্ম- বিপাক।
যত মহাপাপ  সমস্ত সিজিল
 পোষন্তে পুত্ৰ ভাৰ্য্যাক॥