পৃষ্ঠা:Kirtan Ghosha.pdf/৫৭৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কীৰ্ত্তন ৪]
৫৬৭
উৰেষা-বৰ্ণন

দিব্য দৌল আছে তাৰ কি কৈবো মহিমা।
বৈদুৰ্য্যৰ আছে তাত আমাৰ প্ৰতিমা॥
অপ্ৰয়াসে তাকে চাই পাৱে মহোদয়।
পাপী নৰ চলি যায় বিষ্ণুৰ নিলয়॥ ৪১
হেন শুনি যম ৰাজা কৰিলা গমন।
বটৰ নিকটে মোক পাইলা দৰশন।৷
প্ৰণামিয়া শিৰে বুলিলন্ত স্তুতি-বাণী।
নমো নমো জগন্নাথ দেৱ চক্ৰপাণি।৷ ৪২
নমো নমো জ্যোতিঃফল দেৱ সনাতন।
সৰ্ব্বব্যাপী পুৰুষ পৰম নিৰঞ্জন॥
বহুবিধ স্তুতি কৰি কৰন্ত প্ৰণাম।
মঞি বোলো যম কহ সাধে কোন কাম॥ ৪৩
যম ৰাজা বোলে ইটো ক্ষেত্ৰ মাজে সাৰ।
ইন্দ্ৰনীলময় আত প্ৰতিমা তোমাৰ॥
পাপী বা অপাপী তাক অপ্ৰয়াসে চাৱে।
তোমাৰ প্ৰসাদে স্থান শ্বেত-দ্বীপে পাৱে॥ ৪৪
মোৰ অধিকাৰ ভৈল সকলে লুপুত।
হেন জানি প্ৰতিমাক কৰিয়ো গুপুত।৷


পা° ৪৩॥ পুৰুৰ পৰম-প্ৰকৃতিৰ পৰ (প্ৰকৃতেঃ পৰম্— ব্ৰহ্মপু° ৪৫৷৬৭)।