পৃষ্ঠা:Kirtan Ghosha.pdf/৫৭৭

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


কীর্তনখাে I thout চতুর্থ কীর্তন ঘােষর গােপাল গৰু-কেতু প্রণামাে চৰণে। নিয়ােক নিস্তাৰি হৰি পশিললা শৰণেও পদ। হেন শুনি দিলে পাছে ব্ৰহ্মক উত্তৰ। ব্ৰহ্মৰ ক্ষেত্ৰৰ কথা শুনা সৃষ্টিকৰ ॥ জগতত কৰি মই যিহেতু উত্তম। সি কাৰণে নাম মােৰ পুৰুষ-উত্তম ॥ ৩৭ ভৈলাে সিটো ক্ষেত্রে মই আপুনি সাক্ষাত। পুৰুষােত্তম নামে ক্ষেত্র তাতেসে প্রখ্যাত ? বিনা যজ্ঞ দান তপ যােগৰ যুগুতি। চাৰিও বর্ণক দেয় ভুকুতি মুকুতি। ৩৮ সিটো মহাক্ষেত্র দশ যােজন প্রকট। দক্ষিণ সাগৰ তীৰে আছে সিদ্ধ বট। যাৰ ছায়া-পশনে হােৱে মহােদয়। দশন-মাৰে ব্ৰহ্ম-হত্যা হােবে ক্ষয় ॥ ৩৯ প্রদক্ষিণ কৰি যিটো কৰে নমস্কাৰ। মােৰ থান পাৱে কৰি পুৰুষ উদ্ধাৰ । প্রলয়তাে নাহি সিটো বটৰ বিনাশ। সেই স্থানে বটৰ উত্তৰ দিশ-পাশ। ৪