পৃষ্ঠা:Kirtan Ghosha.pdf/৫৭৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[খণ্ড ২৫
কীৰ্ত্তন ঘোষা

 পাছে ময়ো যমৰায়ৰ বচনত থাকি।
 পুতি থৈলে প্ৰতিমাক বালুকায়ে ঢাকি॥ ৪৫
 পাছে ইন্দ্ৰদ্যুম্নে তৈতে অশ্বমেধ যজি।
 কৃষ্ণ বলভদ্ৰ সুভদ্ৰাৰ মূৰ্ত্তি সাজি।৷
 দিব্য দৌল বান্ধি যেনমতে পূজিলন্ত।
 লক্ষ্মীত কহিলা হৰি সকল বৃত্তান্ত॥ ৪৬
 ব্ৰহ্মাত পুছিলা মুনি সকলো দুনাই।
 ক্ষেত্ৰ গৈয়া কি কৰিলা ইন্দ্ৰদ্যুম্ন ৰায়।৷
 কহিয়ো হৰিষে শুনোহো পাছ কথা।
 বোলা ৰাম ৰাম জন্ম নকৰিয়ো বৃথা।৷ ৪৭


পঞ্চম কীৰ্ত্তন

ঘোষা॥ হৰি নাম হৰি ৰাম ঘুষিয়ো ভাই।
 পাপ সাগৰে আন গতি নাই।৷ ৫

পদ॥ বোলন্ত ব্ৰহ্মা শুনা সমুদায়।
 ক্ষেত্ৰক পাইল ইন্দ্ৰদ্যুম্ন ৰায়॥
 দেখিল স্থানসৱ অনুপাম।
 আছন্ত তীৰ্থ মহানদী নাম।৷ ৪৮