পৃষ্ঠা:Kirtan Ghosha.pdf/৫৭৮

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


কীর্তন ও] উৰোবর্ণন দিব্য দৌল আছে তাৰ কি কৈবাে মহিমা। বৈদুৰ্য্যৰ আছে তাত আমাৰ প্রতিমা অপ্রয়াসে তাকে চাই পাৰে মহােদয়। পাপী নৰ চলি যায় বিষ্ণুৰ নিলয় ৪১ হেন শুনি যম ৰাজা কৰিলা গমন। বটৰ নিকটে মােক পাইলা দশন । প্রণামিয়া শিৰে বুলিলন্ত স্তুতি-বাণী। নমাে নমাে জগন্নাথ দেৱ চক্রপাণি। ৪২ নমাে নমাে জ্যোতিঃফ দেৱ সনাতন। সৰ্বব্যাপী পুৰুষ পৰম নিৰঞ্জন ॥ বহুবিধ স্তুতি কৰি কৰম্ভ প্রণাম। মঞি বােলাে যম কহ সাধে কোন কাম ॥ ৪৩ যম ৰাজা বলে ইটো ক্ষেত্র মাজে সাৰ। ইন্দ্রনীলময় আত প্রতিমা তােমাৰ ৷ পাপী বা অপাপ তাক অপ্রয়াসে গৱে। তােমাৰ প্ৰসাদে স্থান শ্বেত-দ্বীপে পাৱে ৪৪ মােৰ অধিকাৰ ভৈল সকলে লুপুত। হেন জানি প্রতিমাক কৰিয়াে গুপুত। পা ৪৩# পুৰুৰ পৰ-প্ৰকৃতিৰ পৰ (প্রকৃতেঃ পৰব্ৰহ্মপু° ৪৬৭)।