এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
পঞ্চবিংশ খণ্ড
উৰেষা-বৰ্ণন
প্ৰথম কীৰ্ত্তন
ঘোষা।৷ জয় জয় জগন্নাথ প্ৰণামো ৰাম।৷ ১
পদ।৷ নমো নমো জগন্নাথ ভকতৰ নিধি।
হৰিৰ স্মৰণে আৰম্ভ হোক সিদ্ধি॥
উৰেষাৰ কীৰ্ত্তনক শুনিয়ো লোকাই।
শঙ্কৰে ৰচিলা ব্ৰহ্মপুৰাণক চাই॥ ১
মুনিগণে ব্ৰহ্মাত পুছিলা প্ৰণিপাতে।
ক্ষেত্ৰৰ মহিমা আৱে কহিয়ো আমাতে।৷
কিবা হেতু ইন্দ্ৰদ্যুম্ন ৰাজা শুদ্ধ-চিত্তে।
কৰিলন্ত অশ্বমেধ উৰেষা-পুৰীতে॥ ২
বন্ধাইল অদ্ভুত দৌল আশ্চৰ্য্য-মহিমা।
ৰাম কৃষ্ণ সুভদ্ৰাৰ সজাইল প্ৰতিমা।৷
কিবা হেতু দৌলত থাপিলা নৰেশ্বৰ।
সমস্তে বৃত্তান্ত কহিয়োক সৃষ্টিকৰ॥ ৩
ব্ৰহ্মায়ে বোলন্ত শুনা মুনিগণ যত।
আছিল অৱন্তীপুৰী মালৰ দেশত।৷
.