পৃষ্ঠা:Kirtan Ghosha.pdf/৫৬৯

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


পঞ্চবিংশ খণ্ড উৰে-বৰ্ণন প্রথম কীর্তন ঘােষা। জয় জয় জগন্নাথ প্রণামাে ৰাম। পদ। নমাে নমাে জগন্নাথ ভকতৰ নিধি। হৰিৰ স্মৰণে আৰম্ভ হোক সিদ্ধি । উৰেষাৰ কীৰ্ত্তনক শুনিয়াে লােকাই। শঙ্কৰে ৰচিলা ব্রহ্মপুৰাণক চাই ॥ ১ মুনিগণে ব্রহ্মাত পুছিলা প্রণিপাতে। ক্ষেত্ৰৰ মহিমা আৱে কহিয়াে আমাতে। কিবা হেতু ইন্দ্রদ্যুম্ন ৰাজা শুদ্ধ-চিত্তে । কৰিলন্ত অশ্বমেধ উৰেষ-পুৰীতে । ২ বন্ধাইল অদ্ভুত দৌল আশ্চৰ্য্য-মহিমা। ৰাম কৃষ্ণ সুভদ্ৰাৰ সজাইল প্রতিমা। কিবা হেতু দৌলত থাপিলা নৰেশ্বৰ। সমন্তে বৃত্তান্ত কহিয়ােক ঠিকৰ ৩ ব্ৰহ্মায়ে বােলন্ত শুনা মুনিগণ যত । আছিল অৱন্তীপুৰী মালৰ দেশত। .