পৃষ্ঠা:Kirtan Ghosha.pdf/৫৭০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কীৰ্ত্তন ১]
৫৫৯
উৰেষা-বৰ্ণন

তাহাৰ মহিমা মই কি কৈবো সম্প্ৰতি।
ইন্দ্ৰৰ নগৰ যেন দুতি অম্ৰাৱতী॥ ৪
সেহি নগৰত ইন্দ্ৰদ্যুম্ন মহাৰাজা।
ধৰ্ম্মপথে থাপিলন্ত পৃথিৱীৰ প্ৰজা।৷
দানী মানী সত্যবাদী সৰ্ব্ব-গুণাকৰ।
প্ৰতাপে আদিত্য যেন ভোগে পুৰন্দৰ॥ ৫
পৃথিৱীত নাহি ৰাজা তাহান সমান।
যজিল বিবিধ যজ্ঞ দিলা মহা দান॥
সুৱৰ্ণ মাণিক গ্ৰাম গজ বাজী ৰথ।
নিৰন্তৰে বিপ্ৰৰ পূৰিলা মনোৰথ।৷ ৬
এহিমতে পৃথিৱীক পালন্ত নৃপতি।
দিনেক তাহান হেন উপজিল মতি।
কোন কৰ্ম্মে আৱে আৰাধিবো জগন্নাথ।
এহি বুলি শাস্ত্ৰ বিচাৰিলা নৰনাথ॥ ৭
আগম পুৰাণ বেদ বেদান্ত যতেক।
গুৰু-মুখে জানিলন্ত তত্ত্বক প্ৰত্যেক।৷
মুকুতি ইচ্ছায়ে এড়িলন্ত ভ্ৰান্তি-জ্ঞান।
কিমতে আৰাধো হৰি মনে কৰি ধ্যান।৷ ৮
নাহিকে নিস্তাৰ আউৰ মাধৱত পৰে।
শঙ্খ চক্ৰ গদা পদ্ম যাৰ চাৰি কৰে।৷