এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কীৰ্ত্তন ৫]
৫৫১
সহস্ৰ-নাম-বৃত্তান্ত
কিনো হৰি-নামৰ মহিমা।
কোনে কহি পাইবে তাৰ সীমা॥
আত পৰে ধৰ্ম্ম নাহি আন।
ৰাম-নাম সদা কৰা পান॥ ৪৯
পঞ্চম কীৰ্ত্তন
ঘোষা॥ ৰাম কৃপা কৰা গোপাল
ভজিলো তুৱা পাৱে
সংসাৰ-সাগৰে তৰো তযু নাম-নাৱে॥ ৫
পদ॥ পাৰ্ব্বতীত শঙ্কৰে কহিলা নিষ্ঠ কৰি।
হৰিৰ নামেসে জানা সংসাৰক তৰি॥
সৰ্ব্বক্ষণে হৰি-গুণ-নামক ভাবিবা।
হৰি-নাম বিনে চিত্ত আনত নেদিবা॥ ৫০
সিজে পুণ্যচয় হৰি-নামৰ লগত।
পাসৰিলে লাগ লৱে পাতক সমস্ত॥
যত পুণ্যচয় হৰি-নামৰ কিঙ্কৰ।
তাক পাসৰিলে পাপ হোৱে বহুতৰ॥ ৫১
পাছে দেখিলন্ত ব্ৰহ্মা আদি দেৱগণে।
মনুষ্যৰ পাপ নাই বিষ্ণুক স্মৰণে॥