পৃষ্ঠা:Kirtan Ghosha.pdf/৫৬৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৫২
খণ্ড ২৪
কীৰ্ত্তন-ঘোষা


যতেক মনুষ্য কেৱে নুপুজে দেৱক।
হৰি স্মৰি ভৈল সৱে হৰিৰ সেৱক॥ ৫২
মনত গুণন্ত দেৱে কৰি হৃদি-খেদ।
কেনমতে হৰিৰ ভকতি হোৱে ছেদ॥
আমাক নুপূজে কেৱে পৃথিৱী-মণ্ডলে।
আমাক ছড়ায়া সৱে বৈকুণ্ঠক চলে॥ ৫৩
নপাওঁ যজ্ঞ-ভাগ আমি দেৱ ভৈলো কিক।
আমাৰ দেৱতা-পদ আছে ধিক ধিক॥
আৱে হেন বোলো সৱে দেৱগণ আসা।
সৱে মিলি মাধৱক কৰোহো উপাসা॥ ৫৪
শঙ্কৰে বোলন্ত মই কৃষ্ণতো অধিক।
হৈবো বুলি মনে কৰো তানে ভকতিক॥
যতেক ত্ৰিদশ কোটি দেৱ আছে মানে।
বিষ্ণুক পূজিবে লাগিলেক থানে থানে॥ ৫৫
ৰহোক আমাৰ ভিক্ষা মনুষ্য-লোকত।
দিয়োক জীৱিকা প্ৰভু ভৈলোহো ভকত॥
যজ্ঞ-ভাগ ভুঞ্জিবাক নপাওঁ আমি কেৱ।
ৰাখিয়ো জীৱিকা তযু পাৱে কৰো সেৱ॥ ৫৬


^ পা ৫৬॥ ভিক্ষা-পূজা।