পৃষ্ঠা:Kirtan Ghosha.pdf/৫৬১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৫০
[খণ্ড ২৪
কীৰ্ত্তন ঘোষা

বাৰাণসী প্ৰয়াগত স্নান।
গয়াত পিতৃক পিণ্ড-দান॥ ৪৪
কৰে কায়-ক্লেশ ঘোৰ ব্ৰত।
বেদ-পাঠ নছাড়ে সতত।৷
তপ জপ ধৰ্ম্ম ভূত-দায়া।
আনো যত পুণ্য আচৰিয়া।৷ ৪৫
যোগ ধ্যান ব্ৰততত্ত্ব জানি।
নপাৱে গতিক একো প্ৰাণী।৷
হৰিনাম লৱে মাত্ৰ মুখে।
সিটো গতি পাৱে মহাসুখে॥ ৪৬
থাকে পুত্ৰ দাৰা সমন্বিতে।
পৰ-হিংসা কৰয় সততে॥
নধৰয় ব্ৰহ্মচৰ্য্য-ব্ৰত।
নজানয় একো জ্ঞান-তত্ত্ব॥ ৪৭
এড়িলেক আপুনাৰ ধৰ্ম্ম।
নকৰে বেদৰ যত কৰ্ম্ম॥
কেৱলে কৃষ্ণৰ নাম লৱে।
মুকুতিক মহাসুখে পাৱে॥৪৮


পা• ৪৬॥ ব্ৰত-ব্ৰহ্ম।