পৃষ্ঠা:Kirtan Ghosha.pdf/৫৬২

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


কীর্তন ] হত্ৰ-নাৰ-বৃত্ত কিনাে হৰিনামৰ মহিমা। কোনে কহি পাইবে তাৰ, সীমা। আত পৰে ধৰ্ম্ম নাহি আন। ৰাম-নাম সদা কৰা পান ॥ ৪৯ ঘােষ। ৰাম কৃপা কৰা গােপাল ভজিলল তুৱা পাৱে সংসাৰ-সাগৰে তৰাে তযু নাম-নাৰে। ৫ পার্বতীত শঙ্কৰে কহিলা নিষ্ঠ কৰি। হৰিৰ নামেসে জানা সংসাৰক তৰি । সৰ্ব্বক্ষণে হৰি-গুণ-নামক ভাবিবা। হৰি-নাম বিনে চিত্ত আনত নেদিবা । ৫০ সিজে পুণ্যচয় হৰি-নামৰ লগত। পাসৰিলে লাগ লৰে পাতক সমস্ত ॥ যত পুণ্যচয় হৰিনামৰ কিঙ্কৰ। তাক পাসৰিলে পাপ হােৱে বহুতৰ ॥ ৫১ পাছে দেখিলন্ত ব্রহ্মা আদি দেৱগণে। মনুষ্যৰ পাপ নাই বিষ্ণুক স্মৰণে।