পৃষ্ঠা:Kirtan Ghosha.pdf/৫৫৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৪৮
[খণ্ড ২৪
কীৰ্ত্তন ঘোষা

চতুৰ্থ কীৰ্ত্তন

ঘোষা।৷ হে কৰুণা-সিন্ধু ভৱ-বন্ধে কৰিয়ো নিস্তাৰ
 কেনে হঞো সংসাৰৰ পাৰ॥ 8

পদ॥ পাৰ্ব্বতীৰ বাক্য শুনি হৰ।
 পাছে হেন দিলন্ত উত্তৰ।৷
 শুনিয়ো পাৰ্ব্বতী মোৰ বাণী।
 ভাল তুমি পুছিল কাহানী।৷ ৩৬
 ইটো কথা পৰম গুপুত।
 কহিবাক মুহিকে যুগুত॥
 তুমি মোৰ প্ৰাণ-প্ৰিয় জায়া।
 তাতেসে কহিবে মোৰ দায়া॥ ৩৭
 সত্য-যুগ আছিল পূৰ্ব্বত।
 সৱে ভৈল হৰিৰ ভকত।৷
 সৱাৰো ভৈলেক শুদ্ধ মতি।
 কৃষ্ণৰেসে চৰণত ৰতি॥ ৩৮
 হৰি পাদ-পদ্মে হৃদি থৈয়া।
 ফুৰে মাধৱৰ নাম লৈয়া॥
 শুনে কৃষ্ণ-কথা মাত্ৰ কাণে।
 হৰি-পূজা কৰে সাৱধানে।৷ ৩৯


পা• ঘোষা ৪॥ ভৱ-বন্ধে—ভকত-বন্ধু।