পৃষ্ঠা:Kirtan Ghosha.pdf/৫৬০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কীৰ্ত্তন ৪]
৫৪৯
সহস্ৰ নাম বৃত্তান্ত

জানে হৰি-নামেসে নিস্তাৰ।
হৰি-নাম লৈয়া হোৱে পাৰ॥
ইহলোকে ভুঞ্জয় ভুকুতি।
পৰলোকে লভয় মুকুতি।৷ ৪০
যিটো গতি ইন্দ্ৰ আদি দেৱে।
নপাৱন্ত কৰ্ম্ম কৰি কেৱে।।
সিটো গতি পাৱে হৰি স্মৰি।
কিছু আন ধৰ্ম্মক নাচৰি।৷ ৪১
মোৰ বাক্য শুনি দেৱগণ।
সমস্তৰে বুদ্ধি ভৈল ছন।।
আগম পুৰাণ বেদ শুনি।
নিছয় নপান্ত মনে গুণি॥ ৪২
সকলে শাস্ত্ৰৰ ভিন্ন মত।
নপাৱন্ত কেৱে আৰ তত্ত্ব।৷
দেৱগণে নপাৱন্ত পাৰ।
মনুষ্য জানিবে কিবা তাৰ।৷ ৪৩
দেয় তুলা-পুৰুষ-দানক।
অশ্বমেধ যজয় অনেক।৷


 পা• পদ ৪১॥ ধৰ্ম্মক—পুণ্যক, কৰ্ম্মক।