পৃষ্ঠা:Kirtan Ghosha.pdf/৫৫৮

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


৫৪। কীর্তন ] সহ-নাম-বৃত্তান্ত হৰি-নাম জপন্ত চিন্তন্ত অহর্নিশি। হেন শুনি পার্বতীও পুছিলা হৰিষি। স্বামী তুমি সকল দেৱৰ মুখ্য দেৱ। তােমাক সমস্ত দেৱগণে কৰে সেৱ৷ ৩২ তােমাক সেৱন্ত সদা চন্দ্র সূৰ্য্য বিধি। ত্যু বৰ-দানে সমস্তৰে ভৈল সিদ্ধি । তােমাৰ নাহিকে জম্ম মণ সংসাৰ । তযু মহিমাৰ কেহহ নপাৱ পাৰ ॥ ৩৩ হেন দেৱে কাহাক ধিয়াৱা নিৰন্তৰ। কি কাৰণে তপ কৰা আপুনি ঈশ্বৰ। কিবা মন্ত্র জপা তুমি কহিয়াে আমাত। পৰম কৌতুকে কৈয়াে পুছিলাে তােমাত। ৩৪ তােমাৰ পৰম প্রিয়তম ভাৰ্য্যা আমি। ৰহস্য-কথাক মােত কহিয়ােক স্বামী। দ্বিজ কবিশেখৰে কহিলা হেন সাৰ। হৰি-নাম লৈয়া সৱে হুয়ােক নিস্তাৰ। ৩৫