পৃষ্ঠা:Kirtan Ghosha.pdf/৫৫৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কীৰ্ত্তন ২]
৫৪৩
সহস্ৰ-নাম-বৃত্তান্ত

শুনিয়ো হৰি-নাম কেন ভাল।
সম্যকে পাতকৰ যম-কাল॥
যতেক ব্ৰত দান যজ্ঞ কৰ্ম্ম।
সিজন্ত হৰি-নামে সৱ ধৰ্ম্ম॥ ১৩
কৰান্ত বিষয়ত বিৰকতি।
মিলান্ত কৃষ্ণত দৃঢ় ভকতি॥
মায়া-বন্ধ ছুড়ি জ্ঞানক দেন্ত।
অন্ত-কালে বিষ্ণু-পদক নেন্ত।৷ ১৪
কৃষ্ণত যেৱে নৰ গৈল লীন।
তেৱেসে হৰি-নাম উদাসীন।৷
এহি সাত কাম গণি লৈয়োক।
জানিয়া হৰিনাম ভাবিয়োক।৷ ১৫
নিন্দকৰ নিন্দা নুশুনি কাণে।
হৰিৰ নাম লৱা সাৱধানে।৷
স্বৰ্গ-খণ্ড পদ্ম-পুৰাণ চাই।
বুলিলো নিশ্চয় আমি বুজাই।৷ ১৬
চাৰিও বেদৰ তত্ত্ব উদ্ধাৰি।
থৈলন্ত হৰি-নাম সাৰ কৰি।৷
সকল জগত হৈবে মুকুত।
সি হেতু মাধৱে কৰি গুপুত॥ ১৭