পৃষ্ঠা:Kirtan Ghosha.pdf/৫৫৫

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


€98 কীবনঘােষ থাপিলা হৰি-নাম ঠারে ঠাৱে। বৈষ্ণৱগণেসে বিচাৰি পাৰে। মুকুতিকে এড়ি নাৰদ ঋষি। হৰি-নাম লৈয়া অতি হৰিষি ॥ ১৮ ফুৰন্ত মাধৱৰ গুণ গাই। বেলন্ত হৰি বিনে গতি নাই। দুষ্টচিত্তে যদি বােলয় হৰি। সিওজনে মহাপাতক তৰি। ১৯ বৈকুণ্ঠে যাইতে ভৈল কাছ-পাৰ। কোটি পুৰুষকো কৰি উদ্ধাৰ । হেন হৰি-নাম নলৈয়া নৰে । আত্মঘাত কৰি মিছাত মৰে। ২০ পার্বতীত ইৰে কহিলা আক। ব্ৰহ্মায়াে কহিলন্ত দেৱতাক। হৰি-নাম বিনে নাহিকে আন। পুৰাণ বিচাৰি দেখা প্রমাণ ২১ সুকবিশেখৰে কহে নিশ্চয়। কেহহ নকৰিবা আত সংশয়। । সদায়ে ঘুষিয়ােক ৰাম ৰাম । জানিয়া মিছা আন যত কাম ঃ ২২