পৃষ্ঠা:Kirtan Ghosha.pdf/৫৫৪

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


• ' অহনামবৃত্তান্ত কীৰ্ত্তন ২}। শুনিয়ো হৰি-নাম কেন ভাল। সম্যকে পাতকৰ যম-কাল। যতেক ব্ৰত দান যজ্ঞ কৰ্ম। সিজন্ত হৰি-নামে সৱ ধৰ্ম্ম॥১৩ কৰান্ত বিষয়ত বিৰকতি। মিলান্ত কৃঞ্চত দৃঢ় ভকতি।। মায়া-বন্ধ ছুড়ি জ্ঞানক দেন্ত। অন্তকালে বিষ্ণু-পদক নেন্ত। ১৪ কৃষ্ণত যেৰে নৰ গৈল লীন। তেৱেসে হৰি-নাম উদাসীন। এহি সাত কাম গণি লৈয়োক। জানিয়া হৰিনাম ভাবিয়োক। ১৫ নিন্দকৰ নিন্দা নুশুনি কাণে। হৰিৰ নাম লৱা সাৱধানে। স্বৰ্গ-খণ্ড পদ্ম-পুৰাণ চাই। বুলিলে নিশ্চয় আমি বুজাই। ১৬ চাৰিও বেদৰ তত্ত্ব উদ্ধাৰি। থৈল হৰি-নাম সাৰ কৰি। সকল জগত হৈবে মুকুত। সি হেতু মাধৱে কৰি গুপুত॥ ১৭