এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৪২
[খণ্ড ২৪
কীৰ্ত্তন ঘোষা
বিষয়ত মোহ হুয়া কৰিলোহো ভোগ।
তাৰ ফলে শৃগাল শ্বানৰ ভৈলো যোগ॥
ভৱ তৰিবাৰ নাৱ লভিলো শৰীৰ।
বিষয়-বাতাসে পায়া কৰিলে অথিৰ॥ ৯
কৰে টলবল দেহ কেনে হুইবো পাৰ।
এভো দাস বুলি প্ৰভু কৰিয়ো উদ্ধাৰ।৷
সুকবিশেখৰ তুৱা দাসৰো দাস।
কাতৰ কৰোহো দিয়ো চৰণত বাস।৷ ১০
দ্বিতীয় কীৰ্ত্তন
ঘোষা।৷ ৰাম জগবন্ধু ত্ৰাহি গোপাল।
দাস উদ্ধাৰিয়ো দীন-দায়াল।৷২
পদ॥ কৃষ্ণৰ চৰণে কৰি প্ৰণাম।
পদ্ম-পুৰাণৰ সহস্ৰনাম।৷
আমি বিৰচিবো কাৰ্ত্তন আৰ।
শুনি পাতকৰ হুয়ো নিস্তাৰ।৷১১
হৰি-নামে পাই সংসাৰ-পাৰ।
সমস্তে শাস্ত্ৰৰ এহিসে সাৰ॥
পুৰাণ ভাৰত আগম যত।
বেদ বেদান্তৰো এহিসে তত্ত্ব॥১২