পৃষ্ঠা:Kirtan Ghosha.pdf/৫৫২

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


কীর্তন ১] সহ-লাম-বৃত্তান্ত কৃষ্ণ-কৃত্য নকৰিলে ভৈলােহ বৰ্বৰ। ইটো হস্ত বাহু মিছা মৃতক শৱৰ । ৪ পাৰ দুই আছন্তে নগৈলাে ক্ষেত্ৰ-স্থান। মােৰ পাৰ ভৈল বৃক্ষ-শিফাৰ সমান। হা হা দয়াময় মােৰ কি কৰিলা গতি। এভু তুৱা নাম লৈতে হোক মােৰ মতি। ৫ কৰ্ম্ম-দোষে যি জন্ম হওঁ সংসাৰত। তাতাে নছাড়ােক চিত্তে তুৱা চৰণত। সদায়ে ঘােযােক ৰাম-নাম মােৰ মুখে। সংসাৰ-সাগৰে তেৱে তৰাে মহাসুখে । ৬ সকল জগত তযু মায়ায়ে মােহিত। তােমাৰ চৰণে প্ৰভু কেৱে নেদে চিত্ত। পুত্র-দাৰা-নিহলে বান্ধিলাে দুই ভৰি। মৰন্তে আছওঁ তভাে ােেবােল হৰি।৭ দুল্লভ মনুষ্য জন্ম ভাৰতত পাইলাে। তােমাক নেসেৰি ব্যর্থে জনম গঁৱাইলাে । নিচিন্তিলাে একবাৰ তােমাৰ চৰণ। তৰু বন জীয়ে যেন আমাৰ জীৱন ॥ ৮ ৪। বাহু-শো।