এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৩৮
[খণ্ড ২৩
কীৰ্ত্তন ঘোষা।
হেন কৃপা-বাক্য শুনি স্বামীৰ।
স্নেহে শিহৰিল সৱে শৰীৰ॥
বহয় লোতক নেত্ৰৰ ঝৰি।
বুলিলো পাছে কৃতাঞ্জলি কৰি॥ ২২৭
চিন্তে যিটোজনে তযু চৰণ।
নিসিজে তাৰ কোন প্ৰয়োজন॥
তথাপি একো বাঞ্ছা নাই মোৰ।
তোমাৰ চৰণ-সেৱাত পৰ॥২২৮
তুমি পূৰ্ণ-জ্ঞান জগতে খ্যাত।
তথাপি মোক মাতা মন্ত্ৰণাত।৷
সোধা কথা যেন সামান্য জন।
ইহাক স্মৰি মোহ হোৱে মন।৷ ২২৯
ব্ৰহ্মাক দিলা যিটো জ্ঞান স্বামী।
জানিবে যেবে যোগ্য হওঁ আমি।৷
কহিয়ো তেৱে তাক ভগৱন্ত।
সংসাৰ-দুখে যেন পাওঁ অন্ত॥ ২৩০
হেন শুনি হৰি কৃপায়ে হাসি।
কহিলা ৰহস্য-জ্ঞান প্ৰকাশি।৷
পা ২২৯॥ পুৰ্ণ-জ্ঞান — পূৰ্ণব্ৰহ্ম, পুৰ্ণকাম।