পৃষ্ঠা:Kirtan Ghosha.pdf/৫৪৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কীৰ্ত্তন ১৯
৫৩৭
শ্ৰীকৃষ্ণৰ বৈকুণ্ঠপ্ৰয়াণ

কুণ্ডল কৰ্ণে কৰে জলমল।
কিৰিটি ৰত্নৰ শিৰে উজ্জ্বল।৷
নূপুৰে ৰঞ্জে পাদ-পদ্ম-কোষ।
যাক দেখি মিলে মনে সন্তোষ॥ ২২২
দাহিন পদে বাম উৰু স্থাপি।
আসনে বসিছা জগত-ব্যাপী॥
শিশু অশ্বথত আৱজি গাৱ॥
দেখিলো প্ৰভু পূৰ্ণানন্দ-ভাৱ॥ ২২৩
তাহাতে মৈত্ৰেয় মিলিলা আসি।
মোক দেখি কৃষ্ণে তুলিলা হাসি।৷
কান্দিবে লাগিলা প্ৰভুক চাই।
প্ৰবোধিলা মোক যাদৱৰায়॥ ২২৪
জানিলো উদ্ধৱ তোমাৰ চিত্ত।
পূৰিবো তোমাৰ মন-বাঞ্ছিত।৷
আছিলা বসু পূৰ্ব্ব জনমতে।
পূজিলা তুমি মোক ভালমতে।৷ ২২৫
মোহাৰ কৃপায়ে লভিলা পাৰ।
আউৰ জন্ম দুনাই নাহি তোমাৰ।৷
সুদৃঢ় ভকতি-জ্ঞান বৈৰাগ।
ইজম্মত আসি লৈলেক লাগ॥ ২২৬