পৃষ্ঠা:Kirtan Ghosha.pdf/৫৪৯

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


কীৰ্ত্তন ঘোষ। হেন কৃপা-বাক্য শুনি স্বামী। স্নেহে শিহৰিল সৰে শৰীৰ ৷ বহয় লােতক নেত্ৰৰ ঝৰি। বুলিলে পাছে কৃতাঞ্জলি কৰি ॥ ২২৭ চিন্তে যিটোজনে তযু চৰণ। নিসিজে তাৰ কোন প্রয়ােজন । তথাপি একো বাঞ্ছা নাই মােৰ। তােমাৰ চৰণ-সেৱাত পৰ৷ ২২৮ তুমি পূর্ণ-জ্ঞান জগতে খ্যাত। তথাপি মােক মাতা মন্ত্রণাত। সােধা কথা যেন সামান্য জন। ইহাক স্মৰি মােহ হােৱে মন। ২২৯ ব্রহ্মাক দিল যিটো জ্ঞান স্বামী। জানিবে যেবে যােগ্য হওঁ আমি। কহিয়াে তেৱে তাক ভগৱন্ত। সংসাৰ-দুখে যেন পাওঁ অন্ত ॥ ২৩০ হেন শুনি হৰি কৃপায়ে হাসি। কহিলা ৰহস্য-জ্ঞান প্রকাশি।

  • ২২৯ | পুর্ণ-জ্ঞান—পূর্ণব্রহ্ম, পুর্ণকাম।