পৃষ্ঠা:Kirtan Ghosha.pdf/৫৫০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কীৰ্ত্তন ১৯]
৫৩৯
শ্ৰীকৃষ্ণৰ বৈকুণ্ঠ-প্রয়াণ

পৰম প্ৰসাদ দিলন্ত স্বামী।
নমিলো পাছে প্ৰদক্ষিণে আমি।৷ ২৩১
আসিলো ঐক হুয়া কৃত-কৃত্য।
কৃষ্ণৰ বিৰহে আতুৰ-চিত্ত।৷
তোমাক এড়িয়া মঞি অভাগী।
যাইবো বদৰিকাশ্ৰমক লাগি।৷২৩২
তোমাত জ্ঞান কহিবাক প্ৰতি।
বুলিলা মৈত্ৰেয়ক যদুপতি।৷
বিদুৰে সমে হেন কথা কই।
আনন্দে তীৰত আছিলা ৰই॥ ২৩৩
কথাতে পোহাইল সমস্তে ৰাতি।
বিদুৰ ভৈলা আনন্দিত আতি।৷
কৃষ্ণৰ কীৰ্ত্তি শুনা সৰ্ব্ব লোক।
তৰিবা যেৱে ইটো দুঃখ-শোক।৷ ২৩৪
অন্তকে আসি ধৰিলেক পৰা।
জানিয়া আন আল-জাল এড়া।৷
কৃষ্ণৰ কিঙ্কৰে কহে শঙ্কৰে।
হৰি হৰি বোলা সমস্ত নৰে॥ ২৩৫

শ্ৰীকৃষ্ণৰ বৈকুণ্ঠপ্ৰয়াণ সমাপ্ত॥ ২৩।৷