এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কীৰ্ত্তন ১৮
৫৩৩
শ্ৰীকৃষ্ণৰ বৈকুণ্ঠ-প্রয়াণ
সুমৰি সুমৰি সিটো স্বামীৰ চৰণ।
কহিবে নৱাৰো কথা দগ্ধ কৰে মন।৷
কৃষ্ণৰ কিঙ্কৰে কহে শুনা সৰ্ব্বলোক।
হৰি হৰি বোলা সদা পাতক ছাড়োক।৷ ২০৫
অষ্টাদশ কীৰ্ত্তন
ঘোষা।৷ গোপাল প্ৰাণ ভৈল কোন থান।
গোপাল প্ৰাণ॥ ১৮
পদ॥ শুনা সখি যেন ভৈলা অৱস্থা।
পূৰ্ব্বাপৰ কহো কৃষ্ণৰ কথা॥
খণ্ডিবাক লাগি ভূমিৰ ভাৰ।
দৈৱকী-গৰ্ভে ভৈলা অৱতাৰ॥ ২০৬
বসুদেৱে ভয়ে গোকুলে থৈলা।
কৰিলা কৃষ্ণে তৈতে শিশু-লীলা।৷
গোপ-শিশু সমে বাচৰু চাৰি।
ভ্ৰমন্ত যমুনা-তীৰে মুৰাৰি।৷ ২০৭
কংসে পাঞ্চে যত আসে দানৱ।
লীলায়ে মাৰন্ত সৱে মাধৱ॥
পা ২০৭॥ বাচৰু-বাছুৰ।